গুৱাহাটী: একেদিনাই দুটাকৈ ভয়ংকৰ ভূমিস্খলনে জোকাৰি গ’ল গুৱাহাটী মহানগৰী।
নুনমাটিৰ মঠঘৰীয়াৰ পাছত এইবাৰ সাতগাঁৱৰ ১নং তালতলাত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।
পাহাৰৰ প্ৰকাণ্ড শিল আৰু মাটি খহি এটা বাসগৃহৰ ওপৰত পৰাৰ ফলত এগৰাকী মহিলাৰ কৰুণ মৃত্যু ঘটে।
পুত্ৰ-বোৱাৰীৰ খবৰ ল’বলৈ আহিছিল
মৃত মহিলাগৰাকীক পি সুমিত্ৰা (৬৫) বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, বিশাখাপট্টনমৰ পৰা পুত্ৰ আৰু বোৱাৰীৰ খবৰ ল’বলৈ গুৱাহাটীলৈ আহিছিল সুমিত্ৰা।
কিন্তু সাতগাঁৱৰ ১নং তালতলাত সংঘটিত ভূমিস্খলনে তেওঁৰ জীৱন কাঢ়ি নিয়ে।
পুত্ৰ-বোৱাৰীসহ তিনিজন আহত
ভূমিস্খলনৰ ফলত সুমিত্ৰাৰ পুত্ৰ পি ৰামান্না আৰু বোৱাৰী পি লক্ষ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
ইফালে মহিলাগৰাকীৰ স্বামী পি ডেমৰু আৰু ১৭ বছৰীয়া নাতি পি মহেশে কথমপি প্ৰাণ ৰক্ষা কৰে।
আঘাতপ্ৰাপ্তসকলক ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন কৰা হৈছে।
মুষলধাৰ বৰষুণৰ পাছত বিপদ
মুষলধাৰ বৰষুণৰ মাজতে পাহাৰৰ পৰা প্ৰকাণ্ড শিল আৰু মাটি খহি বাসগৃহটোৰ ওপৰত বাগৰি পৰে।
হঠাৎ সংঘটিত এই ঘটনাৰ ফলত পৰিয়ালটো বিপদৰ সন্মুখীন হয়।
মঠঘৰীয়াতো তিনিজনৰ মৃত্যু
ইয়াৰ পূৰ্বে মহানগৰীৰ নুনমাটিৰ মঠঘৰীয়াতো সংঘটিত হৈছিল আন এক ভয়ংকৰ ভূমিস্খলন।
নিজৰা পাৰৰ লক্ষ্মী মন্দিৰৰ সমীপত পাহাৰৰ মাটি খহি এটা পৰিয়ালৰ বাসগৃহত পৰিছিল।
এই ঘটনাত নগেন ৰাজবংশী, তেওঁৰ পত্নী চুনু ৰাজবংশী আৰু কন্যা মীনা ৰাজবংশীৰ মৃত্যু ঘটে।
ধ্বংসস্তূপৰ মাজৰ পৰা তেওঁলোকৰ পুত্ৰ বিপ্লৱ ৰাজবংশীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।
গুৱাহাটীত ভূমিস্খলনে বৃদ্ধি কৰিছে উদ্বেগ
একেদিনাই মহানগৰীৰ দুটা পৃথক স্থানত ভূমিস্খলনত কেইবাজনো লোক হতাহত হোৱাত মহানগৰবাসীৰ মাজত উদ্বেগ বৃদ্ধি পাইছে।
মুষলধাৰ বৰষুণ অব্যাহত থাকিলে পাহাৰীয়া অঞ্চলসমূহত পুনৰ ভূমিস্খলনৰ আশংকাও বৃদ্ধি পাইছে।
সাতগাঁও আৰু মঠঘৰীয়াৰ ঘটনাৰ পাছত মহানগৰীৰ পাহাৰীয়া অঞ্চলসমূহৰ সুৰক্ষাক লৈ এতিয়া নতুনকৈ প্ৰশ্ন উত্থাপন হৈছে।
