গুৱাহাটীত অনলাইন কেব চালকৰ সেৱা বন্ধ, ভাড়া বৃদ্ধিৰ দাবী

গুৱাহাটীত অনলাইন কেব চালকসকলে কম ভাড়াৰ বিৰুদ্ধে প্ৰতিবাদত নামি অনলাইন সেৱা বন্ধ ৰাখিছে। এই প্ৰতিবাদ ৪-৫ দিনলৈ চলিব বুলি চালকসকলে জনাইছে।

চালকসকলৰ অভিযোগ, Ola, Uber, Rapido সমূহে লোৱা কমিচনৰ বিপৰীতে ভাড়া কমাই দিয়াত তেওঁলোকৰ উপাৰ্জন বহুলাংশে হ্ৰাস পাইছে। বিমানবন্দৰলৈ যোৱা যাত্ৰাৰ ভাড়া আগতে ₹৯০০-₹৮৫০ আছিল যদিও এতিয়া ₹৫০০-₹৪৫০লৈ নামি অহা বুলি তেওঁলোকে অভিযোগ কৰে।

খৰচ কটাৰ পাছত প্ৰতিদিনে মাত্ৰ ₹৪০-₹৫০হে থাকি যায় বুলি তেওঁলোকৰ দাবী। এনে উপাৰ্জনে গাড়ীৰ কিস্তি, ঘৰৰ ভাড়া আৰু পৰিয়ালৰ খৰচ চলোৱা সম্ভৱ নহয় বুলিও চালকসকলে উল্লেখ কৰিছে।

তেওঁলোকৰ দাবী অনুসৰি, অল্ট’ গাড়ীৰ ভাড়া ₹২২ৰ পৰা ₹৩০ৰ ভিতৰত আৰু ডিজায়াৰ গাড়ীৰ ভাড়া ₹২৫ৰ পৰা ₹২৭ৰ ভিতৰত নিৰ্ধাৰণ কৰিব লাগে। কোম্পানীসমূহে দাবী নামানিলে নিজা এপ মুকলি কৰাৰ কথাও তেওঁলোকে ভাবিছে।

প্ৰতিবাদৰ সময়ত কেৱল অনলাইন সেৱাহে বন্ধ আছে। ব্যক্তিগতভাৱে গাড়ী চলাচল অব্যাহত আছে বুলি চালকসকলে জনাইছে। ৰোগী আৰু স্কুলৰ ছাত্ৰ-ছাত্ৰীক যাতায়াতত বাধা দিয়া হোৱা নাই বুলিও তেওঁলোকে কয়।

চালকসকলৰ মতে, যোৱাকালি কমিছনাৰৰ কাৰ্যালয়ত এখন বৈঠক হৈছিল আৰু তাত ১৫ দিন সময় বিচৰা হৈছিল। কিন্তু বিগত ৪-৫ বছৰ ধৰি কেৱল সময় বিচৰা হৈছে, স্থায়ী সিদ্ধান্ত হোৱা নাই বুলি অভিযোগ কৰি এইবাৰ স্পষ্ট সিদ্ধান্তৰ দাবী তুলিছে তেওঁলোকে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *