৫ ছেপ্টেম্বৰত দিল্লীত মিছিল নকৰে CJP! প্ৰতিবাদকাৰীৰ বিৰুদ্ধে FIR প্ৰত্যাহাৰৰ আশ্বাস কেন্দ্ৰৰ

নতুন দিল্লী: অহা ৫ ছেপ্টেম্বৰত দিল্লীত প্ৰস্তাৱিত প্ৰতিবাদী মিছিল বাতিল কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে ককৰোচ জনতা পাৰ্টী অৰ্থাৎ CJPয়ে।

মঙলবাৰে উচ্চতম ন্যায়ালয়ত CJPৰ ফালৰ পৰা এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে জনোৱা হয়।

NEET কাণ্ডৰ বিৰুদ্ধে আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা FIR প্ৰত্যাহাৰৰ বাবে কেন্দ্ৰ আৰু চাৰিখন ৰাজ্যই আশ্বাস দিয়াৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে।

উচ্চতম ন্যায়ালয়ত কেন্দ্ৰৰ আশ্বাস

প্ৰধান ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠৰ সন্মুখত CJPৰ মুখপাত্ৰ সৌৰভ দাসে নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে।

তেওঁ কয়, ‘ভাৰত চৰকাৰে ইতিবাচক আশ্বাস দিছে। সেয়ে ৫ ছেপ্টেম্বৰৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰাটো উচিত বুলি CJPয়ে মনে কৰিছে।’

ইয়াৰ পাছতে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে মন্তব্য কৰে, ‘উভয় পক্ষই ভাল আচৰণ কৰিলে সকলো সমস্যাৰে সমাধান সম্ভৱ।’

FIR প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া

মঙলবাৰে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী আৰক্ষীৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই সওৱাল কৰে।

তেওঁ ২৫ জুলাইত কেন্দ্ৰ আৰু CJPৰ মাজত হোৱা আলোচনাৰ বিষয় আদালতক অৱগত কৰে।

দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি, অতীতত অপৰাধমূলক গোচৰ থকা ২,৮৭৩জন প্ৰতিবাদকাৰীৰ বিৰুদ্ধে নতুনকৈ FIR ৰুজু কৰাৰ বিষয়ো আদালতৰ সন্মুখত উপস্থাপন কৰা হয়।

চাৰিখন ৰাজ্যৰ আবেদন

তুষাৰ মেহতাই জনায় যে কেন্দ্ৰৰ প্ৰতিশ্ৰুতি অনুসৰি পশ্চিমবংগ, বিহাৰ, অসম আৰু মহাৰাষ্ট্ৰই প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা FIR বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

পাছত উচ্চতম ন্যায়ালয়ে সেই আবেদনসমূহ মঞ্জুৰ কৰে।

ইয়াৰ পাছতে CJPৰ মুখপাত্ৰ সৌৰভ দাসে ৫ ছেপ্টেম্বৰৰ মিছিল বাতিল কৰাৰ সিদ্ধান্ত জনায়।

কিয় মিছিলৰ ঘোষণা কৰিছিল CJPয়ে?

NEET প্ৰশ্নফাঁসৰ বিৰুদ্ধে আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পালন কৰা হোৱা নাই বুলি CJPয়ে অভিযোগ কৰিছিল।

বিশেষকৈ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা FIR প্ৰত্যাহাৰৰ প্ৰতিশ্ৰুতি পূৰণ নোহোৱাৰ অভিযোগ উত্থাপন কৰি ৫ ছেপ্টেম্বৰত দিল্লীত নতুন প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছিল।

ইয়াৰ পূৰ্বে CJPৰ মিছিল বন্ধ কৰাৰ দাবীত দিল্লী আৰক্ষীৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই উচ্চতম ন্যায়ালয়ত আবেদনো দাখিল কৰিছিল।

আগৰ শুনানিত হস্তক্ষেপ কৰা নাছিল আদালতে

সোমবাৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে CJPৰ মিছিল বন্ধ কৰাৰ বাবে কোনো জৰুৰী নিৰ্দেশ দিয়া নাছিল।

মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কৈছিল, বৰ্তমানলৈ এই কাৰ্যসূচীৰ ফলত আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিব বুলি ধৰি লোৱাৰ কোনো কাৰণ নাই।

সকলো পক্ষই দায়িত্বশীলভাৱে আৰু শান্তিপূৰ্ণ আচৰণ কৰিব বুলি আদালতে আশা প্ৰকাশ কৰিছিল।

২৫ জুলাইৰ আন্দোলনৰ পাছত নতুন সমীকৰণ

যন্তৰ মন্তৰত প্ৰায় এমাহ ধৰি চলা CJPৰ আন্দোলনৰ পাছত ২৫ জুলাইত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছিল।

ইয়াৰ পাছত CJP নেতৃত্বই কেন্দ্ৰৰ সৈতে পুনৰ আলোচনাত মিলিত হৈছিল।

বৈঠকৰ অন্তত কেন্দ্ৰই তেওঁলোকৰ দাবীসমূহ মানি লোৱাৰ প্ৰতিশ্ৰুতি দিয়া বুলি CJPয়ে প্ৰকাশ কৰিছিল।

কিন্তু পৰৱৰ্তী সময়ত প্ৰতিশ্ৰুতি পালন নোহোৱাৰ অভিযোগ উত্থাপন কৰি পুনৰ দিল্লীত প্ৰতিবাদৰ ঘোষণা কৰা হৈছিল।

এতিয়া কেন্দ্ৰৰ নতুন আশ্বাস আৰু FIR প্ৰত্যাহাৰৰ প্ৰক্ৰিয়াৰ পাছত ৫ ছেপ্টেম্বৰৰ প্ৰস্তাৱিত মিছিল বাতিল কৰিলে CJPয়ে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *