Nepal Flood: পত্নীৰ চিকিৎসাৰ বাবে সাঁচি থোৱা ২৫ লাখ টকাও উটি গ’ল বানত! অসহায় পতি

ভয়ংকৰ বান আৰু প্ৰাকৃতিক বিপৰ্যয়ৰ পাছত নেপালৰ পৰা এটাৰ পাছত আনটো হৃদয়বিদাৰক কাহিনী পোহৰলৈ আহিছে। ৰাছুৱা জিলাৰ বেত্ৰাৱতীৰ এগৰাকী লোকৰ সৰ্বস্ব হেৰুৱাৰ কৰুণ কাহিনীয়ে এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।

বানত উটি গ’ল ২৫ লাখ টকা


সামাজিক মাধ্যমত শ্বেয়াৰ হোৱা এটা পোষ্টত দাবী কৰা অনুসৰি, ভয়ংকৰ বানত লোকজনৰ প্ৰায় ২৫ লাখ টকা, লগতে সাঁচি ৰখা সোণ-ৰূপৰ সামগ্ৰী উটি গৈছে।

বছৰ বছৰ ধৰি কষ্ট কৰি সাঁচি ৰখা এই ধন বানৰ প্ৰবল সোঁতত মুহূৰ্ততে হেৰাই যোৱা বুলি পোষ্টটোত দাবী কৰা হৈছে।

পত্নীৰ চিকিৎসাৰ বাবে সাঁচিছিল ধন


পোষ্টটোত কৰা দাবী অনুসৰি, লোকজনে এই ধন আৰু মূল্যৱান সামগ্ৰীসমূহ তেওঁৰ কিডনী ফেইলিউৰত আক্ৰান্ত পত্নীৰ চিকিৎসাৰ বাবে সযতনে সাঁচি ৰাখিছিল।


২৪ তাৰিখে প্ৰতিস্থাপন কৰাৰ কথা আছিল


KMCত ২৪ তাৰিখে কিডনী প্ৰতিস্থাপনৰ দিন ধাৰ্য কৰা হৈছে বুলি দাবী কৰে ব্যক্তিগৰাকীয়ে।

সপ্তাহত দুদিন ডায়েলিছিছ


ভিডিঅ’টোত কৰা দাবী অনুসৰি, মহিলাগৰাকীৰ সোমবাৰ আৰু বৃহস্পতিবাৰে ডায়েলিছিছ কৰা হয়।

১০-১৫ লাখ টকাৰ প্ৰয়োজন?

ভাইৰেল ভিডিঅ’টোত কিডনী প্ৰতিস্থাপন আৰু আনুষংগিক চিকিৎসাৰ বাবে প্ৰায় ১০-১৫ লাখ টকা প্ৰয়োজন হ’ব পাৰে বুলি দাবী কৰা হৈছে।

 ব্যক্তগৰাকীৰ নাম ডাঃ সুৰেশ মহৰ্জনৰ ।

বিপৰ্যয়ৰ পাছত এতিয়াও উদ্ধাৰ অভিযান

নেপালৰ ভয়ংকৰ বানৰ পাছত উদ্ধাৰ আৰু অনুসন্ধান অভিযান অব্যাহত আছে। বহু অঞ্চলত ঘৰ-বাৰী, পথ, দলং আৰু যোগাযোগ ব্যৱস্থা বিধ্বস্ত হৈছে।

শেহতীয়া প্ৰতিবেদন অনুসৰি, বিপৰ্যয়টোত হাজাৰ হাজাৰ লোক নিহত আৰু নিখোজ হৈছে আৰু উদ্ধাৰকাৰী বাহিনীয়ে এতিয়াও দুৰ্গম অঞ্চলসমূহত অভিযান চলাই আছে।

প্ৰকৃতিৰ এই ভয়ংকৰ তাণ্ডৱত বহু লোকৰ বাবে জীৱনটো পুনৰ শূন্যৰ পৰা আৰম্ভ কৰাৰ যুঁজ হৈ পৰিছে।



Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *