প্ৰতিবাদী ছাত্ৰৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰৰ আশ্বাস নাড্ডাৰ

যন্তৰ মন্তৰত চলি থকা ছাত্ৰৰ প্ৰতিবাদক লৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী তথা বিজেপিৰ সভাপতি জে পি নাড্ডাই কয়, প্ৰতিবাদী ছাত্ৰসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ কৰা হ’ব আৰু তেওঁলোকৰ বিৰুদ্ধে আগলৈ কোনো কঠোৰ ব্যৱস্থা লোৱা নহ’ব।

নাড্ডাই জনায়, ২৫ জুলাই ২০২৬ত তেওঁ, কেন্দ্ৰ চৰকাৰ আৰু ড॰ জিতেন্দ্ৰ সিঙে ছাত্ৰ প্ৰতিনিধিসকলৰ সৈতে যোগাযোগ কৰিছিল। ছাত্ৰসকলৰ ভৱিষ্যৎ লক্ষ্য ৰাখিয়েই ভাৰত চৰকাৰে এই আশ্বাস দিছিল বুলি তেওঁ কয়।

বিজেপি শাসিত ৰাজ্যসমূহৰ চৰকাৰৰ সৈতেও এই বিষয়ত আলোচনা কৰা হৈছিল বুলি নাড্ডাই উল্লেখ কৰে। চৰকাৰে দিয়া আশ্বাস পূৰণৰ দিশত আগবাঢ়িছে বুলিও তেওঁ দাবী কৰে।

৫ ছেপ্টেম্বৰৰ বাবে প্ৰস্তাৱিত বিৰোধ-প্ৰদৰ্শন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তক তেওঁ স্বাগত জনায়। যুৱক-যুৱতীৰ উন্নতি আৰু বিকাশক চৰকাৰে সৰ্বাধিক অগ্ৰাধিকাৰ দিয়ে বুলি নাড্ডাই কয়।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *