তৃণমূল কংগ্ৰেছে নগাঁও উপনিৰ্বাচনত প্ৰাৰ্থী দিয়াৰ কথা ঘোষণা কৰিছে। নতুন কাৰ্যালয় উদ্বোধনৰ দিনাই দলটোৱে ৫ তাৰিখলৈ প্ৰাৰ্থিত্বৰ আবেদন লোৱাৰ কথা জনায় TMC বিধায়ক শ্বেৰমান আলী আহমেদে।
দলটোৰ প্ৰাৰ্থী বাছনিৰ মূল মাপকাঠী হৈছে উচ্চশিক্ষিত হোৱা, হিন্দী অথবা ইংৰাজীত সাবলীলভাৱে বক্তব্য ৰাখিব পৰা আৰু সততা-দায়বদ্ধতা থকা। প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত ধনে কোনো ভূমিকা নল’ব বুলি দলটোৱে স্পষ্ট কৰিছে। মহিলা নে পুৰুষ, সেই ভিত্তিত কোনো পৃথক মাপকাঠী নাথাকিব।
তৃণমূল কংগ্ৰেছৰ নতুন কাৰ্যালয়টো উদ্বোধন কৰিবলৈ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা তিনিবাৰৰ সাংসদ তথা ৰাজ্যসভাৰ সদস্য মহম্মদ নাদিমুল হকক পঠিওৱা হয়। দলটোৱে অসমত সমৰ্থন বৃদ্ধিৰ আশা প্ৰকাশ কৰিছে মহম্মদ নাদিমুল হকে।
নগাঁও উপনিৰ্বাচনত ভাল ফলাফলৰ আশা কৰি দলটোৱে বিজেপিক পৰাস্ত কৰিবলৈ বিকল্প মঞ্চ গঢ়াৰ লক্ষ্যৰ কথাও উল্লেখ কৰিছে। কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থীক ৰাইজে গ্ৰহণ নকৰে বুলি দাবী TMCৰ ।
২০২৯ৰ লোকসভা নিৰ্বাচনত অসমত অন্ততঃ তিনিটা সংসদীয় সমষ্টি জয় আৰু ২০৩১ত অন্ততঃ ২৫টা আসন জয়ৰ লক্ষ্য লৈ আগবাঢ়িব বুলিও দাবী কৰে বিধায়ক শ্বেৰমান আলী আহমেদে।
