লাচিত বৰফুকন পুলিচ একাডেমীত কামাণ্ডো প্ৰশিক্ষণৰ লগতে অসম আৰক্ষীক ভাৰতীয় সামৰিক সেৱাৰ অগ্নিবীৰৰ সমমানৰ প্ৰশিক্ষণ দিব পৰাকৈ একাডেমীখন অধিক সুসজ্জিত কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
একাডেমীখনত অনুষ্ঠিত পাছিং আউট পেৰেডত মুখ্যমন্ত্ৰীয়ে কয়, অসম আৰক্ষীৰ ৩২ গৰাকী উপ আৰক্ষী অধীক্ষক আৰু যোগাযোগ শাখাৰ ৩৭১ গৰাকী কনষ্টেবলে এই পেৰেডত অংশগ্ৰহণ কৰিছে। সৰ্বমুঠ ৪০৩ গৰাকী বিষয়া আৰু জোৱানে পাছিং আউট পেৰেডত অংশ লয়।
তেওঁৰ ভাষ্য অনুসৰি, উপ আৰক্ষী অধীক্ষকসকলে ৫২ সপ্তাহৰ বুনিয়াদী প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে। ইয়াৰ ভিতৰত লাচিত বৰফুকন পুলিচ একাডেমীত ২ সপ্তাহৰ অৰিয়েণ্টেশ্যন আৰু মেঘালয়ৰ নেপা নৰ্থ ইষ্ট পুলিচ একাডেমীত ২ মাহৰ প্ৰশিক্ষণ অন্তৰ্ভুক্ত আছিল।
প্ৰশিক্ষণকালত উপ আৰক্ষী অধীক্ষকসকলে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় সাক্ষ্য অধিনিয়ম, পস্কো, আৰ্মছ এগ, এনডিপিএছ, চাইবাৰ ক্ৰাইম, ফৰেন্সিক চাইন্স আৰু চাইল্ড চেফটিৰ বিষয়ত জ্ঞান লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অস্ত্ৰ চালনা, নিৰাপত্তা, ঘোঁৰা চালনা, সাঁতোৰ, মটৰ ড্ৰাইভিং, আইইডি আৰু সমাগম নিয়ন্ত্ৰণৰ প্ৰশিক্ষণো দিয়া হৈছে।
যোগাযোগ শাখাৰ কনষ্টেবলসকলে হাউলীৰ ২য় অসম আৰক্ষী বেটেলিয়ন আৰু ২৮তম অসম আৰক্ষী বেটেলিয়নত ২০ সপ্তাহৰ বুনিয়াদী প্ৰশিক্ষণ লয়। আধুনিক ডিজিটেল যোগাযোগ সঁজুলি, চাইবাৰ নিৰাপত্তা আৰু পুলিচ কমিউনিকেশ্যনৰ ওপৰত তেওঁলোকক বিশেষ প্ৰশিক্ষণ দিয়া হৈছে।
লাচিত বৰফুকন পুলিচ একাডেমীৰ পৰাই অসম আৰক্ষীৰ ১১২ সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। একাডেমীখনক ক্ৰীড়া আৰু অন্যান্য আন্তঃগাঁথনিৰ ক্ষেত্ৰতো আধুনিক ৰূপত গঢ়ি তোলাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি তেওঁ ইয়াক ভৱিষ্যতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুলিচ একাডেমী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰ কথাও দোহাৰে।
