বানৰ বাবে ভাৰত, চীন, আমেৰিকাক জগৰীয়া কৰি নেপালে বিচাৰিলে ক্ষতিপূৰণ

কাঠমাণ্ডু: নেপালৰ ৰাছুৱা অঞ্চলত সংঘটিত ভয়ংকৰ বানত ব্যাপক ক্ষয়ক্ষতিৰ পাছত এতিয়া জলবায়ু পৰিৱৰ্তনৰ বাবে ক্ষতিপূৰণৰ দাবী তুলিছে নেপাল চৰকাৰে। দেশখনৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে স্পষ্টকৈ কৈছে যে নেপালক দান বা সাহায্যৰ প্ৰয়োজন নাই, বৰং জলবায়ু সংকটৰ বাবে ন্যায়সংগত ক্ষতিপূৰণৰ প্ৰয়োজন।

খানালৰ মতে, নেপালৰ নিজা সেউজগৃহ গেছ নিৰ্গমন অতি নগণ্য। কিন্তু জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্ট সংকটৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিছে নেপালৰ দৰে দুৰ্বল দেশসমূহৰ ওপৰত।

তেওঁ কয় যে নেপালে এতিয়া কূটনৈতিক নীতি ‘সাহায্য’ৰ পৰা ‘ন্যায় আৰু ক্ষতিপূৰণ’ৰ দিশলৈ সলনি কৰিছে। তেওঁৰ মতে, চীন, আমেৰিকা আৰু ভাৰতৰ দৰে বৃহৎ সেউজগৃহ গেছ নিৰ্গমনকাৰী দেশসমূহৰ ঐতিহাসিক দায়বদ্ধতা আছে।

নেপালৰ বিত্ত মন্ত্ৰালয়ে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকললৈ জলবায়ু ক্ষতিপূৰণৰ দাবী জনাই আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে। আগন্তুক আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহতো বিষয়টো দৃঢ়ভাৱে উত্থাপন কৰাৰ সিদ্ধান্ত লৈছে নেপাল চৰকাৰে।

ইফালে, নেপালে জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা ক্ষয়ক্ষতিৰ বাবে Loss and Damage Fundৰ পৰাও জৰুৰী আৰ্থিক সাহায্য বিচাৰিছে। ২৬ আগষ্টত ভোতেকোশী নদীৰ অববাহিকাত সংঘটিত ভয়ংকৰ বানৰ পাছত এই আবেদন কৰা হৈছে।

নেপালৰ চৰকাৰী তথ্য অনুসৰি, বানত ব্যাপক প্ৰাণহানি আৰু সম্পত্তিৰ ক্ষতি হৈছে। উদ্ধাৰ অভিযান, জৰুৰী সাহায্য, পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণৰ বাবে দেশখনৰ ওপৰত বৃহৎ আৰ্থিক বোজা পৰিছে।

নেপালে এই বিষয়টো ৰাষ্ট্ৰসংঘৰ মজিয়ালৈও লৈ যোৱাৰ কথা চিন্তা কৰিছে। নেপালৰ প্ৰধানমন্ত্ৰী বালেন শ্বাহে ৮১সংখ্যক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰি জলবায়ু ন্যায় আৰু ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিব পাৰে বুলি চৰকাৰী পৰ্যায়ত আলোচনা চলিছে।

ইফালে বানপীড়িত নেপাললৈ ভাৰতেও উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। ভাৰতৰ পৰা বৃহৎ পৰিমাণৰ সাহায্য সামগ্ৰী, প্ৰযুক্তিগত দল আৰু বিশেষজ্ঞ দল নেপাললৈ প্ৰেৰণ কৰা হৈছে।

ৰাছুৱা বানৰ পাছত নেপালৰ এই ক্ষতিপূৰণৰ দাবীয়ে জলবায়ু পৰিৱৰ্তনৰ দায়বদ্ধতা, আন্তঃৰাষ্ট্ৰীয় জলবায়ু ন্যায় আৰু উন্নয়নশীল দেশসমূহৰ অধিকাৰক লৈ নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *