ভাৰতৰ GDP বৃদ্ধিৰ পৰিসংখ্যাক লৈ পুনৰ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।
প্ৰাক্তন Finance Secretary সুভাষ চন্দ্ৰ গাৰ্গে চৰকাৰী GDP বৃদ্ধিৰ হাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
চৰকাৰী তথ্য অনুসৰি ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ভাৰতৰ GDP ৭.৮ শতাংশ বৃদ্ধি পাইছে।
কিন্তু সুভাষ গাৰ্গৰ মতে, পূৰ্বৰ বছৰৰ GDP তথ্য সংশোধনৰ ফলত বৃদ্ধিৰ হাৰ অধিক দেখুওৱা হৈছে।
তেওঁ দাবী কৰিছে যে সংশোধিত তথ্যৰ প্ৰভাৱ বাদ দিলে বৃদ্ধিৰ হাৰ প্ৰায় ২.৬ শতাংশ হ'লহেঁতেন।
গাৰ্গৰ এই মন্তব্যক লৈ BJP নেতৃত্বাধীন চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে Congress-এ।
Congress নেতা জয়ৰাম ৰমেশে দাবী কৰিছে, 'PRৰ জৰিয়তে GDPৰ ছবি উজ্জ্বল কৰিব পাৰি, অৰ্থনীতি সলনি কৰিব নোৱাৰি।'
Congress নেতা পৱন খেৰায়ো চৰকাৰৰ GDP বৃদ্ধিৰ পৰিসংখ্যাক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে।
মূল্যবৃদ্ধি, ক্ৰয়ক্ষমতা, সঞ্চয় আৰু কৰ্মসংস্থাপনৰ দৰে বিষয়ক লৈয়ো তেওঁ চৰকাৰক সমালোচনা কৰিছে।
ইফালে চৰকাৰী সূত্ৰই সুভাষ গাৰ্গৰ ২.৬ শতাংশ বৃদ্ধিৰ হিচাপক 'পৰিসংখ্যাগতভাৱে অৰ্থহীন' বুলি অভিহিত কৰিছে।
চৰকাৰী পক্ষৰ মতে, গাৰ্গে নতুন GDP শৃংখলাৰ তথ্যৰ সৈতে পুৰণি শৃংখলাৰ তথ্য তুলনা কৰিছে।
সেইবাবে দুয়োটা পৰিসংখ্যাক একেটা ভিত্তিত তুলনা কৰাটো সঠিক পদ্ধতি নহয় বুলি চৰকাৰী সূত্ৰই দাবী কৰিছে।
চৰকাৰৰ মতে, নতুন GDP শৃংখলা অনুসৰি প্ৰকৃত GDP ৭.৮ শতাংশ বৃদ্ধি পাইছে।
একেদৰে, চলিত মূল্যত GDP বৃদ্ধিৰ হাৰ ১০.৩ শতাংশ বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে।
GDP বৃদ্ধিৰ পৰিসংখ্যাক কেন্দ্ৰ কৰি এতিয়া অৰ্থনীতিৰ লগতে ৰাজনৈতিক বিতৰ্কও অধিক তীব্ৰ হৈছে।
Congressৰ অভিযোগৰ বিপৰীতে চৰকাৰে GDP গণনাৰ পদ্ধতি সঠিক বুলি স্পষ্ট কৰিছে।
এতিয়া প্ৰশ্ন হৈছে—ভাৰতীয় অৰ্থনীতিৰ প্ৰকৃত ছবি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
