যোৰহাট: যোৰহাটৰ মহিন্দ্ৰা গাড়ীৰ ডীলাৰত সংঘটিত এক বৃহৎ বাহন প্ৰৱঞ্চনা আৰু চুৰি কাণ্ডৰ তদন্তত ডাঙৰ সফলতা লাভ কৰিছে যোৰহাট আৰক্ষীয়ে। গুৱাহাটীৰ পৰা অভিযান চলাই কুখ্যাত গাড়ীচোৰ তথা প্ৰৱঞ্চক অভিজিৎ বৰাক গ্ৰেপ্তাৰ কৰিছে ভোগদৈ আৰক্ষীৰ এটা দলে।
গ্ৰাহকৰ অজ্ঞাতে নথি ব্যৱহাৰ!
আৰক্ষী সূত্ৰ অনুসৰি, ধৃত অভিজিৎ বৰাৰ ঘৰ গোলাঘাট জিলাত।
অভিযোগ অনুসৰি, অতি কৌশলেৰে গ্ৰাহকৰ অজ্ঞাতে তেওঁলোকৰ নথি-পত্ৰ ব্যৱহাৰ কৰি বেংকৰ পৰা বাহনৰ ঋণ মঞ্জুৰ কৰাইছিল অভিযুক্তজনে।
লোন মঞ্জুৰৰ পিছতেই নতুন বাহন লৈ উধাও
ঋণ মঞ্জুৰ হোৱাৰ পিছত ডীলাৰৰ পৰা নতুন বাহন লৈ কোনো সম্ভেদ নোহোৱাকৈ উধাও হৈছিল অভিযুক্ত।
পিছত নিজৰ নামত বাহনৰ ঋণ মঞ্জুৰ হোৱা বুলি গ্ৰাহকসকলে জানিব পাৰিহে সমগ্ৰ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহে।
ঘটনা পোহৰলৈ অহাৰ পিছতেই ডীলাৰত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।
অসমৰ বিভিন্ন থানাত গোচৰ
আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি, এই প্ৰৱঞ্চনা চক্ৰটোৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত একাধিক গোচৰ ৰুজু হৈ আছে।
গোলাঘাট আৰক্ষী থানাত ১৫৫/২০২৬ নম্বৰৰ গোচৰ আৰু মৰিগাঁও আৰক্ষী থানাত ২৬/২০২৬ নম্বৰৰ গোচৰো পঞ্জীয়ন হৈ আছে।
BNSৰ কেইবাটাও ধাৰাত গোচৰ
অভিযুক্ত অভিজিৎ বৰাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ৬১(২), ৩১৬(২), ৩১৬(৪), ৩১৮(৪), ৩১৯(২) আৰু ৩৩৬(৩) ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে।
ডীলাৰৰ কোনো কৰ্মচাৰী জড়িত নেকি?
ইফালে, এই বৃহৎ প্ৰৱঞ্চনা চক্ৰটোৰ সৈতে গাড়ীৰ ডীলাৰৰ কোনো কৰ্মচাৰী অথবা আন কোনো সহযোগী জড়িত আছে নেকি, সেই দিশতো তদন্ত অব্যাহত ৰাখিছে ভোগদৈ আৰক্ষীয়ে।
জেৰাত ওলাব নেকি আৰু বহু তথ্য?
ধৃত অভিজিৎ বৰাক জেৰা কৰি সমগ্ৰ প্ৰৱঞ্চনা চক্ৰটোৰ বিষয়ে অধিক তথ্য উদ্ধাৰৰ চেষ্টা চলাইছে আৰক্ষীয়ে।
এই চক্ৰটোৰ সৈতে আৰু কোন কোন লোক জড়িত, কিমানজন গ্ৰাহকৰ নথি ব্যৱহাৰ কৰা হৈছিল আৰু কিমানখন বাহন এনেদৰে উলিয়াই নিয়া হৈছিল—তদন্ত আগবঢ়াৰ লগে লগে এই সকলো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
