শিৱসাগৰৰ কীৰ্তিচিহ্ন বেদখলমুক্ত কৰাৰ দাবী টাই আহোম ছাত্ৰ সন্থাৰ

শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ বেদখলমুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা কৰাৰ দাবী তুলিছে টাই আহোম ছাত্ৰ সন্থাই (ATASU)। সংগঠনটোৱে দাবীসমূহক লৈ অহা ৭ ছেপ্টেম্বৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰিছে।

সংগঠনটোৰ সভাপতি বসন্ত গগৈয়ে অভিযোগ কৰে যে শিৱসাগৰৰ ঐতিহাসিক সম্পদসমূহৰ বহু অংশ বৰ্তমান বেদখল আৰু অব্যৱস্থাপনাৰ সন্মুখীন হৈছে। বিশেষকৈ শিৱসাগৰ চহৰৰ মাজেৰে বৈ যোৱা যমুনা সম্পূৰ্ণৰূপে বেদখলৰ কবলত পৰাৰ অভিযোগ উত্থাপন কৰে তেওঁ।

ৰংগনাথ শিৱদৌলৰ মাটিত বেদখলৰ অভিযোগ

টাই আহোম ছাত্ৰ সন্থাৰ অভিযোগ অনুসৰি, ৰংগনাথ শিৱদৌলৰ পুৰণি দ'লৰ প্ৰায় ১০ বিঘা মাটি বেদখল কৰা হৈছে।

সংগঠনটোৱে অভিযোগ কৰে যে এজন ব্যক্তিয়ে লাটমণ্ডল, এডিচি, এছডিচি আৰু চাৰ্কল বিষয়াক ‘মেনেজ’ কৰি উক্ত মাটি বিক্ৰী কৰাৰ চেষ্টা চলাইছে। অৱশ্যে, এই অভিযোগসমূহৰ সত্যতা চৰকাৰীভাৱে নিশ্চিত হোৱা নাই।

ইয়াৰ লগতে ফাকুৱা দ'লতো বেদখলৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে কয় যে বেদখলৰ অভিযোগত নটিছ জাৰি কৰাৰ পাছতো এতিয়ালৈকে ঘৰ-দুৱাৰ ভঙাৰ ব্যৱস্থা লোৱা হোৱা নাই।

তলাতল ঘৰৰ ভিতৰত কৃষি বিভাগৰ ফাৰ্ম

ঐতিহাসিক তলাতল ঘৰৰ বাউণ্ডেৰীৰ ভিতৰত কৃষি বিভাগৰ এখন ফাৰ্ম থকাৰ বিষয়টোও সংগঠনটোৱে উত্থাপন কৰিছে।

ATASUৰ মতে, ঐতিহাসিক কীৰ্তিচিহ্নটোৰ পৰিৱেশ আৰু সংৰক্ষণৰ স্বাৰ্থত ফাৰ্মখন অন্য স্থানলৈ স্থানান্তৰ কৰা উচিত। এই দাবীৰে কৃষিমন্ত্ৰী অতুল বৰাক স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিল বুলি সংগঠনটোৱে উল্লেখ কৰে।

মন্ত্ৰীৰ ফালৰ পৰা আশ্বাস লাভ কৰাৰ পাছতো বিষয়টোত দৃশ্যমান পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই বুলি সংগঠনটোৰ সভাপতি বসন্ত গগৈয়ে অভিযোগ কৰে।

কাৰেংঘৰৰ কাষতো বেদখলৰ অভিযোগ

কাৰেংঘৰৰ বাউণ্ডেৰীৰ ভিতৰতো অবাধ বেদখল চলি থকাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।

ইয়াৰ উপৰি, কাৰেংঘৰৰ ভিতৰত স্থাপন কৰা এটা পাৱাৰ হাউচৰ পৰা সৃষ্টি হোৱা কম্পনে ঐতিহাসিক স্থাপনাটোৰ স্থায়িত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে বুলি সংগঠনটোৱে আশংকা প্ৰকাশ কৰিছে।

পাৱাৰ হাউচটো স্থানান্তৰ কৰি কীৰ্তিচিহ্নটোৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনাইছে ATASUয়ে।

কেৱল বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ কথা নহয়, সংৰক্ষণো লাগে

ৰংপুৰৰ আহোম যুগৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহে বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰাৰ সম্ভাৱনাৰ খবৰত সংগঠনটোৱে সন্তুষ্টি প্ৰকাশ কৰিছে।

কিন্তু ATASUৰ মতে, কেৱল বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ ঘোষণা কৰিলেই নহ’ব। ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ চৌহদ বেদখলমুক্ত কৰা, অবৈধ নিৰ্মাণ আঁতৰোৱা আৰু স্থাপনাসমূহৰ সঠিক সংৰক্ষণৰ বাবে চৰকাৰে বাস্তৱ আৰু দৃশ্যমান পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

এই দাবীসমূহৰ সমৰ্থনত ৭ ছেপ্টেম্বৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সংগঠনটোৰ সভাপতি বসন্ত গগৈয়ে জানিবলৈ দিছে।

Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *