গুৱাহাটী: তৃণমূল কংগ্ৰেছৰ সাংসদ তথা দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে একেৰাহে এজাহাৰ দাখিলক লৈ পশ্চিমবংগ চৰকাৰক কঠোৰভাৱে সতৰ্ক কৰিছে কলকাতা উচ্চ ন্যায়ালয়ে।
ন্যায়াধীশ সৌগত ভট্টাচাৰ্যৰ বিচাৰপীঠে শুনানিৰ সময়ত কয় যে অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে নতুনকৈ এজাহাৰ দাখিল কৰাত বাধা আৰোপ কৰি আদালতে সামগ্ৰিক নিষেধাজ্ঞা জাৰি কৰিব পাৰে।
অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে দাখিল হোৱা তিনিখন এজাহাৰ বাতিলৰ দাবীত চলি থকা আবেদনৰ শুনানিৰ সময়ত আদালতে এই মন্তব্য কৰে।
এই তিনিখন এজাহাৰ ক্ৰমে ৪ জুলাই, ১১ জুলাই আৰু ২৩ জুলাইত দাখিল কৰা হৈছিল। গোচৰসমূহৰ সৈতে অভিষেক বেনাৰ্জীৰ উদ্যোগত চলা ‘সেৱাশ্ৰয়’ নামৰ সামূহিক স্বাস্থ্যসেৱা কাৰ্যসূচী জড়িত।
আদালতে স্পষ্ট কৰে যে অভিযোগসমূহৰ তদন্ত চলিব পাৰে, কিন্তু অভিষেক বেনাৰ্জীক জিম্মাত লৈ জেৰা কৰাৰ প্ৰয়োজন নাই।
ন্যায়াধীশ ভট্টাচাৰ্যই অভিযোগসমূহৰ সৈতে অভিষেক বেনাৰ্জীৰ প্ৰত্যক্ষ সম্পৰ্ক কিমান আছে, সেই লৈও প্ৰশ্ন উত্থাপন কৰে।
আদালতে কয় যে যদি চিকিৎসাজনিত গাফিলতিৰ ঘটনা সংঘটিত হৈছে, তেন্তে তাৰ তদন্ত কৰি দোষীজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা উচিত।
পশ্চিমবংগ চৰকাৰৰ অতিৰিক্ত মহাধিবক্তাই ‘সেৱাশ্ৰয়’ কেন্দ্ৰত ম্যাদ উকলি যোৱা ঔষধ ব্যৱহাৰ আৰু চিকিৎসা প্ৰতিষ্ঠান সম্পৰ্কীয় আইন উলংঘাৰ অভিযোগ উত্থাপন কৰে।
ইয়াৰ লগতে কেন্দ্ৰটোত লিংগ নিৰ্ণয় পৰীক্ষা চলোৱাৰো অভিযোগ চৰকাৰৰ পক্ষৰ পৰা উত্থাপন কৰা হয়।
কিন্তু আদালতে এই অভিযোগসমূহক সাধাৰণ অভিযোগ বুলি উল্লেখ কৰি অভিষেক বেনাৰ্জীৰ সৈতে ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক স্পষ্ট হোৱা নাই বুলি কয়।
আদালতে তিনিওটা গোচৰত অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে জোৰপূৰ্বক ব্যৱস্থা গ্ৰহণৰ পৰা সুৰক্ষা অব্যাহত ৰাখিছে।
উল্লেখ্য, ২৫ আগষ্টতো কলকাতা উচ্চ ন্যায়ালয়ে অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে তিনিটা এজাহাৰত জোৰপূৰ্বক ব্যৱস্থা গ্ৰহণৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰিছিল।
একেৰাহে নতুন অভিযোগ আৰু এজাহাৰ দাখিলৰ প্ৰৱণতা অব্যাহত থাকিলে অধিক এজাহাৰ ৰোধ কৰিবলৈ সামগ্ৰিক নিষেধাজ্ঞা জাৰি কৰাৰ ইংগিত দিছে আদালতে।
