গুৱাহাটী: আগন্তুক দুৰ্গাপূজাক লৈ পশ্চিমবংগ চৰকাৰে জাৰি কৰিছে একাধিক নতুন নিৰ্দেশনা। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে পূজা সমিতিসমূহৰ সৈতে অনুষ্ঠিত সমন্বয় বৈঠকত এই নিৰ্দেশনাসমূহ ঘোষণা কৰে।নতুন নিৰ্দেশনা অনুসৰি, মহাষ্টমীৰ দিনা সমগ্ৰ পশ্চিমবংগত সুৰা বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। সেইদিনা ৰাজ্যখনৰ সকলো সুৰাৰ দোকান আৰু বাৰত সুৰা বিক্ৰী বন্ধ থাকিব।
ইয়াৰ লগতে দুৰ্গাপূজাৰ অনুষ্ঠান আৰু প্ৰতিমা বিসৰ্জনৰ শোভাযাত্ৰাত DJ সংগীত ব্যৱহাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
পূজা সমিতিসমূহক মণ্ডপ, প্ৰতিমা আৰু পূজাৰ বিষয়বস্তু নিৰ্বাচনৰ ক্ষেত্ৰতো সাৱধান হ’বলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। কোনো বিষয়বস্তুৱে ধৰ্মীয় অনুভূতিত আঘাত নকৰিবলৈ আৰু সনাতন পৰম্পৰাক সন্মান জনাবলৈ নিৰ্দেশ দিয়া হৈছে।
বিষয়ভিত্তিক পূজা অনুষ্ঠিত কৰাৰ অনুমতি থাকিব যদিও বিষয়বস্তু নিৰ্বাচনত অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে।
ইয়াৰ উপৰি পূজা আয়োজনৰ নামত ৰাষ্ট্ৰীয় ঘাইপথ বা গুৰুত্বপূৰ্ণ পথ বন্ধ কৰি জনসাধাৰণৰ যাতায়াতত বাধা সৃষ্টি নকৰিবলৈও নিৰ্দেশ দিয়া হৈছে।
এইবাৰৰ দুৰ্গাপূজাৰ বাবে পশ্চিমবংগ চৰকাৰে পৰম্পৰা, ধৰ্মীয় অনুভূতি আৰু জনশৃংখলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে।
