মীৰাট: উত্তৰ প্ৰদেশৰ মীৰাটত ঐতিহাসিক শাহী জামা মছজিদক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। মছজিদটোৰ প্ৰত্নতাত্ত্বিক ৰূপৰ বৈজ্ঞানিক পৰীক্ষা আৰু ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগে জৰীপ চলোৱাৰ দাবী উত্থাপন কৰিছে এগৰাকী জ্যেষ্ঠ অধিবক্তাই।
জিলা বাৰ এছ’চিয়েশ্যনৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ অধিবক্তা ৰাম কুমাৰ শৰ্মাই মীৰাটৰ আয়ুক্ত ভানু চন্দ্ৰ গোস্বামী আৰু জিলাধিপতিক এই সন্দৰ্ভত এখন স্মাৰক-পত্ৰ প্ৰদান কৰিছে।
অধিবক্তাজনে দাবী কৰিছে যে বৰ্তমানৰ শাহী জামা মছজিদৰ তলত প্ৰাচীন বৌদ্ধ মঠ, বিহাৰ অথবা আন কোনো প্ৰত্নতাত্ত্বিক গাঁথনি থাকিব পাৰে।
এই দাবীৰ সমৰ্থনত তেওঁ মীৰাট জিলা গেজেটিয়াৰ, ১৯০৪ চনত প্ৰকাশিত ঐতিহাসিক তথ্য আৰু চীনৰ পৰ্যটক হিৱেনচাঙৰ ভ্ৰমণ-বৃত্তান্তৰ উল্লেখ কৰিছে।
অধিবক্তাজনৰ মতে, মীৰাট আৰু ইয়াৰ আশে-পাশে মৌৰ্য আৰু বৌদ্ধ যুগৰ সৈতে সম্পৰ্কিত প্ৰত্নতাত্ত্বিক সম্ভাৱনা আছে। সেয়ে বিশেষজ্ঞৰ দ্বাৰা বৈজ্ঞানিকভাৱে বিষয়টো পৰীক্ষা কৰাৰ প্ৰয়োজন আছে বুলি তেওঁ দাবী কৰিছে।
তেওঁ লগতে জ্যেষ্ঠ ইতিহাসবিদ অধ্যাপক কে ডি শৰ্মাই পূৰ্বে উল্লেখ কৰা প্ৰাচীন অলংকৃত শিলৰ স্তম্ভ আৰু অন্যান্য অৱশেষৰ কথাও স্মাৰক-পত্ৰত উল্লেখ কৰিছে।
ইফালে, এই দাবীসমূহৰ সত্যতা এতিয়াও কোনো চৰকাৰী বা প্ৰত্নতাত্ত্বিক তদন্তৰ জৰিয়তে নিশ্চিত হোৱা নাই। মছজিদটোৰ তলত প্ৰাচীন বৌদ্ধ গাঁথনি থকাৰ দাবীৰো বৰ্তমান কোনো চৰকাৰী নিশ্চিতকৰণ নাই।
বিষয়টো গুৰুত্বসহকাৰে লৈ মীৰাটৰ আয়ুক্তই জিলাধিপতিক সমগ্ৰ বিষয়টো পৰীক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
সেহে এতিয়া প্ৰশ্ন হৈছে—শাহী জামা মছজিদক লৈ উত্থাপিত দাবীৰ সত্যতা প্ৰত্নতাত্ত্বিক তদন্তত পোহৰলৈ আহিবনে? নে বিষয়টো কেৱল দাবী আৰু ঐতিহাসিক ব্যাখ্যাৰ মাজতেই সীমাবদ্ধ থাকিব?
