মমতাজ বেগমক বাংলাদেশলৈ পুচ্চ কৰি বিপদত চৰকাৰ। বিচাৰি আনিব লাগিব বাংলাদেশৰ পৰা, দিব লাগিব ২ লাখ টকাৰ ক্ষতিপূৰণ

গুৱাহাটী: নগাঁও বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশৰ বিৰুদ্ধে আইনী প্ৰত্যাহ্বান জনোৱাৰ সুযোগ নোপোৱাকৈ মমতাজ বেগম নামৰ এগৰাকী মহিলাক বাংলাদেশলৈ পঠিওৱাৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ প্ৰক্ৰিয়াক কঠোৰভাৱে সমালোচনা কৰিছে।

৩ ছেপ্টেম্বৰত ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠে এই গোচৰত মমতাজ বেগমৰ স্বামী মুজাম্মেল হকক ২ লাখ টকাৰ অন্তৱৰ্তীকালীন ক্ষতিপূৰণ দিবলৈ অসম চৰকাৰক নিৰ্দেশ দিয়ে। আদালতে লগতে স্পষ্ট কৰে যে এই ধনৰাশি পৰৱৰ্তী সময়ত অধিক ক্ষতিপূৰণ বিচৰাৰ অধিকাৰত বাধা নহ’ব।

আদালতৰ মতে ‘আইনৰ অপব্যৱহাৰ’ৰ উপাদান স্পষ্ট

মমতাজ বেগমৰ গোচৰটো নগাঁওৰ চতুৰ্থ বিদেশী ন্যায়াধিকৰণত চলিছিল। পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ নথি-পত্ৰ আৰু প্ৰমাণসমূহ পুনৰ বিবেচনা কৰি নতুনকৈ সিদ্ধান্ত ল’বলৈ ন্যায়াধিকৰণক নিৰ্দেশ দিছিল।

ইয়াৰ পাছত ২০২৬ চনৰ ৩০ মে’ত মমতাজ বেগম ন্যায়াধিকৰণত হাজিৰ হয়। আদালতৰ নথি অনুসৰি, সেইদিনাই তেওঁক জিম্মাত লোৱা হয় আৰু পিছত বিভিন্ন আটক কেন্দ্ৰৰ মাজেৰে লৈ যোৱা হয়। তেওঁৰ স্বামী বা পৰিয়ালৰ কোনো প্ৰাপ্তবয়স্ক সদস্যক তেওঁৰ আটক বা পৰৱৰ্তী প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰা হোৱা নাছিল।

পিছত তেওঁক সীমান্ত সুৰক্ষা বাহিনীৰ হাতত গতাই দিয়া হয় আৰু ১৩-১৪ জুনৰ মাজনিশা অসমৰ শ্ৰীভূমি জিলাৰ সীমান্তৰে বাংলাদেশলৈ পঠিওৱা হয়।

আদালতে পৰ্যবেক্ষণ কৰে যে বিদেশী ন্যায়াধিকৰণৰ সিদ্ধান্তৰ প্ৰমাণিত প্ৰতিলিপি সময়মতে প্ৰদান নকৰাৰ ফলত মমতাজ বেগমে সেই সিদ্ধান্তক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱাৰ সুযোগ নাপালে।

বিচাৰপীঠে ন্যায়াধিকৰণৰ আচৰণৰ ক্ষেত্ৰত ‘malice in law’ অৰ্থাৎ আইনী প্ৰক্ৰিয়াৰ অপব্যৱহাৰৰ উপাদান স্পষ্ট বুলি কঠোৰ মন্তব্য কৰে।

 বাংলাদেশত মমতাজ বেগমক বিচাৰি উলিওৱাৰ নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰটোত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় (MEA)-কো পক্ষভুক্ত কৰিছে।

বাংলাদেশত থকা মমতাজ বেগমক বিচাৰি উলিয়াই, তেওঁক ভাৰতলৈ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰালয়ক আদালতে নিৰ্দেশ দিছে, যাতে তেওঁ নিজৰ আইনী অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰে।

ন্যায়াধিকৰণৰ নিৰ্দেশ কেতিয়া প্ৰস্তুত হৈছিল, হ’ব তদন্ত

আদালতে অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগক ন্যায়াধিকৰণৰ ৩০ মে’ৰ সিদ্ধান্তটো প্ৰকৃততে কেতিয়া প্ৰস্তুত কৰা হৈছিল, সেই বিষয়ে তদন্ত কৰিবলৈও নিৰ্দেশ দিছে।

প্ৰয়োজন হ’লে ন্যায়াধিকৰণৰ সদস্যজনৰ কম্পিউটাৰ জব্দ কৰি সিদ্ধান্তটো কেতিয়া টাইপ বা প্ৰস্তুত কৰা হৈছিল, সেই বিষয়ে পৰীক্ষা কৰাৰ কথাও আদালতে উল্লেখ কৰিছে।

বিদেশী ঘোষণা কৰাৰ পাছত নতুন সুৰক্ষা ব্যৱস্থা

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ সকলো জিলাৰ আৰক্ষী আৰু সীমান্ত আৰক্ষীৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে।

আদালতৰ নিৰ্দেশ অনুসৰি, কোনো ব্যক্তিক বিদেশী বুলি ঘোষণা কৰাৰ পাছত জিম্মাত লোৱাৰ পূৰ্বে তেওঁক বিদেশী ন্যায়াধিকৰণৰ সিদ্ধান্তৰ প্ৰতিলিপি বা মতামতৰ বিষয়ে অৱগত কৰিব লাগিব। লগতে পৰিয়ালৰ কোনো প্ৰাপ্তবয়স্ক সদস্যকো সেই বিষয়ে জনাব লাগিব।

এই গোচৰটোৱে বিদেশী ন্যায়াধিকৰণৰ সিদ্ধান্ত, আইনী প্ৰত্যাহ্বানৰ অধিকাৰ আৰু কোনো ব্যক্তিক দেশৰ পৰা বহিষ্কাৰ কৰাৰ পূৰ্বে পালন কৰিবলগীয়া আইনী প্ৰক্ৰিয়াক লৈ পুনৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।


Share This Article
Leave a Comment

Leave a Reply

Your email address will not be published. Required fields are marked *