ৰণোজ পেগুৰ পত্নী নিৰুদ্দেশ
গহপুৰত ন-বোৱাৰী নিৰুদ্দেশৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য
গহপুৰৰ লোহিতমুখ কঠালকুছিৰ পৰা এগৰাকী ন-বোৱাৰী নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
নিৰুদ্দিষ্ট বোৱাৰীগৰাকী ৰণোজ পেগুৰ পত্নী এলিজা মিৰাং পেগু। জানিব পৰা মতে, এসপ্তাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল এলিজা।
ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰাই এলিজা সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে। ন-বোৱাৰীগৰাকীৰ নিৰুদ্দেশৰ ঘটনাক লৈ পৰিয়ালৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে।
এলিজাৰ সন্ধান লাভৰ বাবে স্বামী ৰণোজ পেগুৱে কোনো সদাশয় ব্যক্তিয়ে তেওঁক দেখা পালে ৭৫৭৭৯২৫৫৩৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
