ডিমাকুছি: ভূটান সীমান্তৱৰ্তী ডিমাকুছিৰ বামুনজুলি চাহ বাগিচাত পুনৰ বন্যহস্তীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। বন্যহস্তীৰ আক্ৰমণত মেনালিউজ ওৰাং (৫৬) নামৰ এজন লোক গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।
বাসগৃহ ভাঙি লণ্ডভণ্ড, আহত লোক
স্থানীয় লোকৰ ভাষ্য অনুসৰি, শনিবাৰে পুৱতি নিশা বন্যহস্তীয়ে বামুনজুলি চাহ বাগিচাত প্ৰৱেশ কৰি মেনালিউজ ওৰাঙৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে।
অভিযোগ অনুসৰি, ঘৰৰ পৰা ওলাই অহাৰ সময়ত বন্যহস্তীয়ে তেওঁক খেদি গৈ শুৰেৰে টানি নি গচকি আহত কৰে। কথমপি প্ৰাণ ৰক্ষা পৰা মেনালিউজ ওৰাঙক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হয়।
ইফালে, বন্যহস্তীৰ আতংকৰ মাজতে বামুনজুলি চাহ বাগিচাত একেদিনাই কেইবাটাও পৰিয়াল গৃহহাৰা হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।
সীমান্তৱৰ্তী অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস
স্থানীয় লোকৰ অভিযোগ অনুসৰি, ডিমাকুছি, বাদলাপাৰা, টেংকিস্তী, বগৰীতল, ৰাজগড়, নালাপাৰা আৰু আটাৰীখাটকে ধৰি বিভিন্ন অঞ্চলত বন্যহস্তীয়ে নিয়মীয়াকৈ ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে খেতি-বাতি আৰু তামোল বাৰী নষ্ট কৰি আহিছে।
খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বন্যহস্তী ওলাই অহাৰ ফলত অঞ্চলটোৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে।
বন বিভাগক লৈ ক্ষোভ
বন্যহস্তী-মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত বন বিভাগে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।
বন বিভাগক খবৰ দিয়াৰ পিছতো সময়মতে ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগো উত্থাপন কৰিছে ৰাইজে।
জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ
ইফালে, ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ MCLA পল ট'প্পৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
ৰাইজৰ অভিযোগ, বন্যহস্তীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত লোকসকলক সামান্য ধন আৰু টৰ্চ লাইট বিতৰণ কৰিয়েই জনপ্ৰতিনিধিগৰাকীয়ে দায়িত্ব সামৰিছে।
আহত মেনালিউজ ওৰাঙৰ চিকিৎসাৰ বাবে সহায় আগবঢ়োৱাৰ লগতে গৃহহাৰা পৰিয়ালসমূহৰ বাসগৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে জনপ্ৰতিনিধিৰ ওচৰত আহ্বান জনাইছে।
