শিৱসাগৰ: শিৱসাগৰ চহৰত ATM কাৰ্ড সলনি কৰি লুণ্ঠন চলোৱাৰ অভিযোগত এগৰাকী মহিলাসহ চাৰিজন লোকক আটক কৰিছে ডিমৌ আৰক্ষীয়ে। শিৱসাগৰ চহৰৰ হাবিৰাম বৰা পথৰ এখন হোমষ্টেৰ পৰা অভিযান চলাই আৰক্ষীয়ে তেওঁলোকক আটক কৰে।
ডিমৌ আৰক্ষীৰ অভিযান
ডিমৌ উপ-জিলাৰ আৰক্ষী অধীক্ষক হীৰেন কুমাৰ ডেকাৰ নেতৃত্বত অভিযানটো চলোৱা হয়।
আৰক্ষীৰ মতে, হাবিৰাম বৰা পথৰ চিৰিন হোমষ্টেৰ পৰা আটক কৰা লোককেইজন হৈছে মৰিগাঁৱৰ মৈৰাবাৰীৰ ইজাজুল ইছলাম, মৰিগাঁৱৰ বেলুগুৰিৰ চফিকুৰ ৰহমান, একেখন গাঁৱৰে গিয়াছউদ্দিন আলী আৰু মৰিগাঁৱৰ মৈৰাবাৰীৰ কুলচুমা বিবি।
৩৫খন ATM কাৰ্ডসহ নগদ ধন জব্দ
অভিযান চলোৱা আৰক্ষীয়ে আটকাধীন লোককেইজনৰ জিম্মাৰ পৰা ৩৫খন ATM কাৰ্ড, ১ লাখ ৫৪ হাজাৰ টকা আৰু AS 02 AJ 4795 নম্বৰৰ এখন বগা Swift Dzire গাড়ী জব্দ কৰিবলৈ সক্ষম হয়।
ATMত সহায় কৰাৰ চলেৰে লুণ্ঠনৰ অভিযোগ
আৰক্ষীৰ প্ৰাথমিক অভিযোগ অনুসৰি, কুলচুমা বিবিৰ নেতৃত্বাধীন দলটোৱে শিৱসাগৰ চহৰৰ মাজমজিয়াত বাহৰ পাতি ATMত ধন উলিয়াবলৈ অহা বয়োজ্যেষ্ঠ লোকসকলক সহায় কৰাৰ চলেৰে ATM কাৰ্ড সলনি কৰিছিল।
এইদৰে ATM কাৰ্ড সলনি কৰি লুণ্ঠন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে।
CCTV ফুটেজৰ ভিত্তিত অভিযান
শেহতীয়াকৈ শিমলুগুৰি, নাজিৰা আৰু ডিমৌৰ কেইবাটাও ATMত সংঘটিত ঘটনাৰ তদন্তৰ মাজতে CCTV ফুটেজৰ সহায় লয় আৰক্ষীয়ে।
CCTV ফুটেজৰ ভিত্তিত পুৱাৰ ভাগত শিমলুগুৰি জংচন ৰোডৰ এটা ATMৰ সন্মুখৰ পৰা কুলচুমা বিবিক আটক কৰা হয়। ইয়াৰ পিছতে তেওঁৰ জৰিয়তে সমগ্ৰ দলটো আৰক্ষীৰ জালত পৰা বুলি জানিব পৰা গৈছে।
ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
